Assam

From Open Educational Resources
Revision as of 04:44, 5 February 2016 by Guru (talk | contribs) (Created page with "=Resources created in Assamese by the Assamese STF teachers= ==Ubuntu, Files and Folders== ==Libre Office Writer== ==Geogebra== GeoGebra GeoGebra হল এক ধৰণ...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Resources created in Assamese by the Assamese STF teachers

Ubuntu, Files and Folders

Libre Office Writer

Geogebra

GeoGebra GeoGebra হল এক ধৰণৰ কম্পিউটাৰ software যাৰ সহায়ত আমি জ্যামিতি আৰু এলজেব্ৰা অতি সহজ আৰু ফলপ্ৰসু ভাবে কম্পিউটাৰৰ সহায়ত শিকিব পাৰো ।‍ ইয়াৰ সহায়ত গণিতৰ বহু জটিল জ্যামিতিক ধৰ্ম আৰু সমস্যা সমূহ অতি সুন্দৰ আৰু সৰল ভাবে শিকিব পাৰি ।‍ এতিয়া প্ৰশ্ন হল কম্পিউটাৰৰ এই নিদেশাৱ্লী প্ৰস্তুত কাৰীয়ে কিয় ইয়াৰ নামাকৰণ Geogebra ৰাখিলে ? Geo মানে হল geometry আৰু gebra মানে হল algzebra ।‍ Geogebra software ৰ সহায়ত আমি সকলো ধৰণৰ জ্যামিতিক ছবিক algzebra ৰ সমীকৰণ ৰূপত প্ৰকাশ কৰিব পাৰো ।‍ এই নিদেশাৱ্লী সহায়ত আমি একে সময়তে জ্যামিতিক ছবিক আৰু তাৰ গাণিতিক উপস্থাপন দেখা পাব পাৰো, সেয়েহে ইয়াৰ নাম ৰখা হল geogebra ।‍ Geogebra software ৰ সহায়ত আমি অকাঁ জ্যামিতিক ছবি সমূহক animate কৰিব পাৰো, লগতে কেনেকৈ কিছুমান জ্যামিতিক ছবিৰ মান্ যেনে দীঘ, কালি, পৰিধি আদিৰ মান্ dynamically কেনেকৈ সলনি হয়, পাব পাৰো ।‍ Geogebra software ক খুলিবলৈ আমি Application ত Click কৰি Education ভাগ বাছনি কৰিব লাগিব ।‍ Education ভাগত থকা geogebra ত Click কৰিলে এই software টো মুকলি হব ।‍ এই software টো এটা চাৰিচুকীয়া বাকচ আকাৰত বা খিৰিকি আকাৰত মুকলি হয় ।‍ এই চাৰিচুকীয়া বাকচত দুটা ভাগ আছে, সোঁ ফালৰ ভাগত জ্যামিতিক ছবি সমূহ দৃশ্য মান হয় আৰু বাওঁফালৰ ভাগত এই ছবিবোৰৰ গাণিতিক সমীকৰণ দৃশ্য্ মান হয়; লগতে জ্যামিতিক ছবি আকিবলৈ এডাল জ্যামিতিক সজূলিসমূহৰ বাকচ আছে ।‍ আমি এতিয়া জ্যামিতিৰ এটা উপপাদ্য্ geogebra সহায়ত উপস্থাপন কৰো ।‍ “ এটা বৃত্তৰ এটা চাপে কেন্দ্ৰত সৄষ্টি কৰা কোণ, বৃত্তটোৰ আনটো প্ৰান্তত সৄষ্টি কৰা কোণৰ দুগুণ আৰু চক্ৰীয় চতুভূজৰ বিপৰীত কোণৰ সমষ্টি ১৮০০” । ১. শ্ৰী হেম চন্দ্ৰ কলিতা, ২. শ্ৰী দেব কুমাৰ গগৈ, ৩. শ্ৰী কুন্তল চুতীয়া, ৪. শ্ৰী দিগন্ত বৰা, ৫. শ্ৰী অমৃত প্ৰতিম শাণ্ডীল্য ধেমাজি জিলা (অসম)

Freemind

Public Software Posters