Assam

From Open Educational Resources
Revision as of 04:47, 5 February 2016 by Guru (talk | contribs) (→‎Geogebra)
Jump to navigation Jump to search

Resources created in Assamese by the Assamese STF teachers

Ubuntu, Files and Folders ফাইল আৰু ফল্ডাৰ

  1. যেতিয়া আমি কোনো ৰচনা বা বাৰ্নামুলক্ বিষয়ে এটা বা কোনো ৰঙিন ছবি আকি তাক ভৱিষ্যত বাবে জমা কৰি ৰাখি থব বিচাৰো তেতিযা আমাক ফল্ডাৰ প্ৰয়োজন হয় | ফল্ডাৰ এটাত একাধিক বিষয় বা ছবি সাচি ৰাখিব পাৰো | আমি কম্পিউটাৰত যিমান কাম কৰো সকলোবোৰ ফাইল হিচাপে ফল্ডাৰ এটাত জমা ৰাখিব পৰো | উদাহৰণ স্বৰূপে যিমান কাৰ্যসূচী , ফটো , লিখিত প্ৰমানপত্ৰ , গান, চলচিত্ৰ আদি সকলোবোৰ ফাইল হিচাবে আমি এটা নিৰ্দিষ্ট ফল্ডাৰত সোমাই থব পাৰো | এটা ফল্ডাৰে আৰু বহুতো উপ ফল্ডাৰ সঞ্চয় কৰি ৰাখিব পাৰি | ফল্ডাৰবোৰ ডিস্ক ড্ৰাইভত জমা কৰি ৰখা হয় |
  2. উবোন্টোয়ে ব্যৱহাৰ কৰা ফাইল মেনেজাৰৰ নাম হ’ল নউটিলাছ |নউটিলাছ ব্যৱহাৰ কৰি আমি ফল্ডাৰৰ সৃষ্টি , ফাইলবোৰ প্ৰদৰ্শিত আৰু ফাইলৰ সুসংগঠিত কৰিব পাৰি |এই ফাইল মেনেজাৰে ফাইলবোৰ সুসংগঠিত কৰি ফল্ডাৰত ৰাখে | ফল্ডাৰৰ ব্যৱহাৰেৰে ফাইলবোৰ সহজে উলিয়াব পৰা যায়|আমি ফাইলবোৰ সহজে উলিয়াব্ পাৰো | আমি ফাইলবোৰ কপি কৰিব পৰো , নতুন ফাইল বা ফল্ডাৰ সৃষ্টি কৰিব পাৰো | নলগা ফল্ডাৰ আৰু ফাইলবোৰ নোহোৱা কৰিব পাৰি , নতুন নাম দিব পাৰি ইত্যাদি কাম ফাইল মেনেজাৰৰ দ্বাৰা কৰিব পাৰি |
  3. ফল্ডাৰৰ এক অৰ্থপূৰ্ণ নাম দিব লাগে , নাম নথকা ফল্ডাৰ অৰ্থহীন | যেতিয়া আমি গণিত বিষয়ে কোনো ফ্ল্ডাৰ সৃষ্টি কৰিম তেতিয়া তাৰ নাম হয় ত্ৰিভূজ নাইবা চতূৰ্ভুজ্ ইত্যাদি ব্যৱ্হাৰ কৰিব লাগে|

প্ৰস্তুতকাৰক, গনিত শিক্ষক ,বৰপেটা

Libre Office Writer

Geogebra

  1. GeoGebra হল এক ধৰণৰ কম্পিউটাৰ software যাৰ সহায়ত আমি জ্যামিতি আৰু এলজেব্ৰা অতি সহজ আৰু ফলপ্ৰসু ভাবে কম্পিউটাৰৰ সহায়ত শিকিব পাৰো ।‍ ইয়াৰ সহায়ত গণিতৰ বহু জটিল জ্যামিতিক ধৰ্ম আৰু সমস্যা সমূহ অতি সুন্দৰ আৰু সৰল ভাবে শিকিব পাৰি ।‍

এতিয়া প্ৰশ্ন হল কম্পিউটাৰৰ এই নিদেশাৱ্লী প্ৰস্তুত কাৰীয়ে কিয় ইয়াৰ নামাকৰণ Geogebra ৰাখিলে ? Geo মানে হল geometry আৰু gebra মানে হল algzebra ।‍ Geogebra software ৰ সহায়ত আমি সকলো ধৰণৰ জ্যামিতিক ছবিক algzebra ৰ সমীকৰণ ৰূপত প্ৰকাশ কৰিব পাৰো ।‍ এই নিদেশাৱ্লী সহায়ত আমি একে সময়তে জ্যামিতিক ছবিক আৰু তাৰ গাণিতিক উপস্থাপন দেখা পাব পাৰো, সেয়েহে ইয়াৰ নাম ৰখা হল geogebra ।‍

  1. Geogebra software ৰ সহায়ত আমি অকাঁ জ্যামিতিক ছবি সমূহক animate কৰিব পাৰো, লগতে কেনেকৈ কিছুমান জ্যামিতিক ছবিৰ মান্ যেনে দীঘ, কালি, পৰিধি আদিৰ মান্ dynamically কেনেকৈ সলনি হয়, পাব পাৰো ।‍
  2. Geogebra software ক খুলিবলৈ আমি Application ত Click কৰি Education ভাগ বাছনি কৰিব লাগিব ।‍ Education ভাগত থকা geogebra ত Click কৰিলে এই software টো মুকলি হব ।‍ এই software টো এটা চাৰিচুকীয়া বাকচ আকাৰত বা খিৰিকি আকাৰত মুকলি হয় ।‍
  3. এই চাৰিচুকীয়া বাকচত দুটা ভাগ আছে, সোঁ ফালৰ ভাগত জ্যামিতিক ছবি সমূহ দৃশ্য মান হয় আৰু বাওঁফালৰ ভাগত এই ছবিবোৰৰ গাণিতিক সমীকৰণ দৃশ্য্ মান হয়; লগতে জ্যামিতিক ছবি আকিবলৈ এডাল জ্যামিতিক সজূলিসমূহৰ বাকচ আছে ।‍
  4. আমি এতিয়া জ্যামিতিৰ এটা উপপাদ্য্ geogebra সহায়ত উপস্থাপন কৰো ।‍
  5. “ এটা বৃত্তৰ এটা চাপে কেন্দ্ৰত সৄষ্টি কৰা কোণ, বৃত্তটোৰ আনটো প্ৰান্তত সৄষ্টি কৰা কোণৰ দুগুণ আৰু চক্ৰীয় চতুভূজৰ বিপৰীত কোণৰ সমষ্টি ১৮০০” ।
  6. ১. শ্ৰী হেম চন্দ্ৰ কলিতা, ২. শ্ৰী দেব কুমাৰ গগৈ, ৩. শ্ৰী কুন্তল চুতীয়া, ৪. শ্ৰী দিগন্ত বৰা, ৫. শ্ৰী অমৃত প্ৰতিম শাণ্ডীল্য, ধেমাজি জিলা (অসম)

Freemind

Public Software Posters